Assamese Song Bohutoke Bohu Diu Napalu Ekuke Song Lyrics


Bohutoke bohu diu cover


"বহুতকে বহু দিও নাপালোঁ একোকে"
চলচিত্ৰ -  ঘৰ সংসাৰ
কণ্ঠ - নমিতা গোস্বামী, ইনা মুখাৰ্জী




বহুতকে বহু দিও নাপালোঁ একোকে,
হৃদয় উজাৰি দিও নাপালোঁ একোকে
সেয়েহে মনে মোৰ বুজনি নেমানি ;
সেয়েহে মনে মোৰ বুজনি নেমানি,
অকলশৰে নিজানতে টুকে চকুপানী ।।

লয়নে প্ৰতিদান, হিয়াখনি দিয়াৰ ,
পিয়াসী হৃদয় খনিৰ, সহাৰি জনোৱাৰ ।
মন সাগৰত মেলি বেদনা লহৰত
ভাঙিলে সপোন মোৰ আৰু বহুতৰ ।।


মায়াবী চলনা এতিয়া বুজিলোঁ ,
হৃদয় উজাৰি দিও একোকে নাপালোঁ ।
সেয়েহে মনে মোৰ বুজনি নেমানি
অকলশৰে নিজানতে টুকে চকুপানী

বহুতকে বহু দিও নাপালোঁ একোকে,
হৃদয় উজাৰি দিও নাপালোঁ একোকে ।।।

No comments:

Post a Comment